Ishwar Oi (Bogi Bogi) Song Lyrics

Ishwar Oi Lyrics
Ishwar Oi Lyrics


Ishwar Oi Lyrics in Assamese

বগী বগী ছোৱালী
হাই ঐ হাই
মিচিকি হাঁহিৰে
খুলি খুলি খাই
মৰম লগাই আছিলা মোলৈ চাই
দিছা নেকি বুকুতে ঠাই
এ মইনা
লাগে যদি কোৱানা
গঢ়াই দিম মই গহণা
আৰু যদি লাগেনো দিম
মোৰে কোমল কলিজা
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
জান ঐ
এধানি এবানি কৰিলা হিয়াখনি
কলৈ যাং কি কৰোং লাগে
বুকুখন চপৰা চপৰে খহিছে যেনে কৰি
বেছি দিন নাথাকিম চাগে
এ মইনা
তাকে ভাৱি চোৱানা
মনৰ যিহে যাতনা
আধাতেই নাভাঙিবা দেই
মোৰে কোমল কলিজা
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
আই ক’লা ক’লা
জানৈ পিতাই ক’লা ক’লা
জানৈ মই ধুৱাঁচাঙৰ
মই ধুৱাঁচাঙৰ গঢ়
কৰবাত কেনেবাকে
জানৈ দেখি পাব লাগিলে
জানৈ ভালুক বুলি নিদিবা
ভালুক বুলি নিদিবা লৰ
এ মইনা
লাগে যদি কোৱানা
গঢ়াই দিম মই গহণা
আৰু যদি লাগেনো দিম
মোৰে কোমল কলিজা
হাই ঐ ঈশ্বৰ ঐ
এনুৱা মৰমে
হাই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে

Album : Bihuwan - 2020 
Song : Ishwar Oi 
Singer : NeeL Akash 
Lyrics/Tune : Luit Neel 


Ishwar Oi (Bogi Bogi) Song On Youtube




Post a Comment

Previous Post Next Post