অসমীয়া কাহিনী(গল্প) ঘাঁহ খোৱা বাঘ

Assamese Story (গল্প)(6)

Hello friends ,This is a one of the best Assamese story(গল্প) if you like This story Please Share with your friends. For More Assamese stories(গল্প) Please Follow us by your Email And Get all latest content delivered straight to your inbox. Thank You





 ✍️ঘাঁহ খোৱা বাঘ(গল্প)

এসময়ত হিমালয় ৰ উত্তৰ পাৰে কাজল বন’ নামৰ এখন অটব্য হাবিত এটা প্রকাণ্ড বাঘ আছিল। বাঘটোৰশৰীৰৰ অনুপাতে তাৰ জ্ঞান-বুদ্ধি আছিল অতি সীমিত।তাক জ্ঞান-বুদ্ধি দিবলৈকো লগ-সংগ একেবাৰে নাছিল।বহুদিন অকলে অকলে বাস কৰি-কৰি সময়ত সি লগৰবাঘ বাক একেবারে দেখিব নোৱাৰা হৈছিল। এনেদৰে কিছু বছৰ পাৰ হােৱাৰ পিছত বাঘটো অতি এলেহুৱা আৰু অকামিলা হৈ পৰিল। অন্য জন্তুৱে খাই এৰি যােৱা হাড় ছালবােৰকে খাই দিনৰ দিনটো য’তে-ত’তে শুইছিল আৰু এলাহেৰে সময় পাৰ কৰিছিল। এই স্বভাৱটোৰ বাবে তাৰ দেহ আৰু মন একেবাৰে বেয়া হৈছিল। তাৰ চকুৰ আগত চিকাৰ দেখিলে সি চিকাৰ ধৰি খাবলৈ টান পাইছে।
বহুদিন সি কিদৰে নাক বুঝাই শুই থাকোতে বহুত তৃণভােজী জন্তুৱে সি মৰা বুলি আনন্দত জঁপিয়াই জঁপিয়াই আঁতৰি গৈছিল। এষাৰ কথা আছে যে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এই এলে হোৱা বাঘটোৰ ব্যৱস্থা কেনেকুৱা হৈছিল।

লাহে-লাহে খাবলৈ নেপাল। তাৰ দেহটো বৰ দুৰ্বল হৈছিল। সি দূৰৰ বস্তুবােৰ ভালদৰে নেদেখিছিল আৰু ভালদৰে খােজ দিবও নােৱৰা হৈছিল। সময়ত তাক ভােকে-পিয়াহে আগুৰি কৰিলে। অকলে-অকলে নিজৰ ইচ্ছামতে শুই-বই, ভালপোৱা বাঘটোয় সহায় কৰিবলৈ যেন কোনো নাই। তাতে বহুদিন কোন জন্তুর মাংসৰ অবশিষ্ট এৰি যোৱা নাছিল। ইফালে-সিফালে খাদ্যৰ সন্ধান কৰিলে যদিও সি ক’তে অল্প মাংস নেপালে। অৱশেষত বাঘটোৱে। উপায়হীন হৈ সেউজীয়া ঘাঁহত মুখ দিলে। সি কেইডালমান| ঘাঁহ খাবলৈ চেষ্টা কৰিছিল যদিও সেউজীয়া ঘাঁহৰ গান্ধী থাকিব নোৱাৰো বাৰে বাৰে বমি কৰিবলৈ ধৰিলে। সময়ত সি তেজ-বমি কৰি মৃত্যু মুখত পৰে যদিও তাক কোনেও মূৰ তুলি নাচালে। এলেহুৱা আৰু অকামিলা এই ঘাঁহ খােৱা বাঘটোৰ দৰে সমাজত অনেক ব্যক্তিৰ অৱস্থাও একে হয়।
(সংগ্ৰহ: )
*This is a one of the best Assamese story (অসমীয়া গল্প)
 if you like This story Please Share with your friends. For More Assamese stories Please Follow us.

Post a Comment

Previous Post Next Post