অসমীয়া কাহিনী(গল্প)
ফুটা কপালৰ জোৰ

Assamese Story(গল্প) (5)

Hello friends ,One of the best Assamese story(গল্প) if you like This story Please Share with your friends. For More Assamese stories(গল্প) Please Follow us by your Email And Get all latest content delivered straight to your inbox. Thank You


 ✍️ফুটা কপালৰ জোৰ(গল্প)

আজিৰপৰা প্রায় দহ-বাৰ বছৰ মান আগৰ ঘটনা।
রতনপুর ৰ নামৰ এখন বিখ্যাত গাঁৱত কুমুদ নামৰ এজন বৰ এলেহুৱা আৰু ধােদ প্ৰকৃতিৰ লােক বাস কৰিছিল। সি প্রায়ে হাত সাবটি আকাশ-পাতাল চিন্তা কৰি সময়বােৰ পাৰ কৰিছিল। তাৰ ভাগ্যৰ প্রতি আছিল অপাৰ বিশ্বাস। এনেকুৱা অদ্ভুত স্বভাৱটোৰ বাবে সি সকলােৰে অপ্রিয় হৈ পৰিছিল। সমাজৰ বিভিন্ন জন তাক সদায় বেয়া দৃষ্টিৰে চাইছিল। সকলােৱে তাৰ লগত লগ হ’বলৈও টান পাইছিল।
সি তাৰ বৃদ্ধ পিতৃ-মাতৃহালৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছিল।

বহুদিন আনৰ জগত খাবলৈ পাই নি কোন কাম-বনলৈ মতি-গতি কৰা নাছিল। এলেহুৱা স্বভাৱৰ । কুমুদ লোকৰ উপদেশ-পৰামৰ্শ অডিও জানিবলৈ বেছি আগ্রহ নকৰিছিল। তাৰ মতে, ভাগ্য থাকিলে এদিন সকলাে হাতৰ মুঠিলৈ আহিবই। কিন্তু দিন সকলােৰে সদায় একেদৰে নাযায় এদিন-দুদিনকৈ তাৰ দিন-কাল বেয়াৰ ফালে গতি কৰিবলৈ ধৰিলে। সময়ৰ সোঁতত তাৰ বৃদ্ধ পিতৃ-মাতৃহালাে চকুৰ আগতে সিপুৰী লৈ গ'ল। আমাৰ ফালে চকু দিওঁতা কোনো নােহােৱাৰ দৰে হ’ল। ভায়েক-ককায়েকহঁতে বিয়া-বারউ কৰি এদিন বেলেগ-বেলেগ হ’ল। বেচেৰাৰ এতিয়া কোনে যতন লয়? কেতিয়াবা কাৰােবাৰ দয়া উপজিলে পিন্ধিবলৈ এখন বা খাবলৈ এসাজ দিয়ে। বেছি ভাগ সময় সি ভোকে-পিয়াহে কটায়। তথাপি যেন তার ভাগ্য উদয়।

নহয় হে নহয়। ইফালে তোমাৰ জ্ঞানচক্ষু উদয় নহয়। এদিন সি উপায় নাপায় জীৱনৰ চুড়ান্ত সিদ্ধান্তকে লৈ ঘৰৰপৰা বাহিৰ হ’ল। অকামিলা আৰু এলেহুৱাজনৰ মৃত্যুৰ বাহিৰে জীৱনত আৰু দ্বিতীয়তা উপায় নাই। তাকলে অকলে এটা নির্জন পথের আগ বাঢ়িবলৈ কৰিলে। কিছুদূর হৈ সি বৰ ভাগৰি পৰিছিল আৰু এজোপা গছৰ তলত বহি পৰিছিল। মনৰ মাজত অযুত বেয়া চিন্তাৰ মাজতে সি এবাৰ তলৰ চালে চালে। মাটিতে অগণন পিপরা দীঘল-দীঘল শাৰী। দেখি সি এবাৰ ভালদৰে চাই পঠিয়ালে। বহুত কষ্ট আৰু অপাৰ ধৈর্য শক্তিৰে পিপৰাবােৰে মুখত একোডােখৰ খাদ্য লৈ আগবাঢ়িছে। এনেকুৱা দৃশ্য সি আগতে কেতিয়াও লক্ষ্য কৰা নাছিল। সি পিপৰাবােৰৰ এনেকুৱা ইচ্ছা শক্তি দেখি। আচৰিত মানিলে। লগে-লগে তার জ্ঞানচক্ষু খালে খালে। সিয়াে মনতে কর্ম কৰাৰ প্রেৰণা লাভ কৰিলে। সি লগে লগে মনৰপৰা পাপ ধাৰণা ত্যাগ কৰি নিজৰ ঘৰলৈ উভতি আহিল।

দুগুণ উৎসাহেৰে কৰ্মৰ প্রতি মনােযােগ দি, নিজৰ ইচ্ছা মতে আগে বাড়ি। লাহে-লাহে সিয়াে গাঁৱৰ লেখা ল'ব লগীয়া ব্যক্তিত পৰিণত হ'ল। ফুটা কপালত কর্ম শক্তিয়ে নতুন নতুন ভাগ্যৰেখাৰ সৃষ্টি কৰিলে। সি আজি ভালদৰে উপলব্ধি কৰিছে যে মানুহক কর্মইহে ধন্য কৰে, ভাগ্যই নহয়। কৰ্মৰ প্ৰতি থকা একাগ্রতাই লােকক মহৎ কৰে।

(সংগ্ৰহ: )
*This is a one of the best Assamese story(গল্প) if you like This story Please Share with your friends. For More Assamese stories(গল্প) Please Follow us.

Post a Comment

Previous Post Next Post