Assamese Story (1)
Gyani Mantri Assamese stories


জ্ঞানী মন্ত্ৰী




আজি পৰা বহু বছৰৰ আগতে ভাৰতবর্ষেৰ বিভিন্ন
প্রদেশত বিভক্ত আছিল। সেই সময়ত এই প্রদেশবােৰত
বিভিন্ন ৰজা-মহাৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁলােকৰ
মাজত কেনেকুৱা কোনো সম্ভব, বুঝাবুঝি নাছিল।
এনেকুৱা কিছুমান দুর্বলতাক কেন্দ্ৰ কৰি ভালেমান বিদেশী
সম্রাটে এই সৰু সৰু প্রদেশবােৰ আক্ৰমণ কৰি সহজে ধন
সােণ লুটপাট কৰি নিজৰ দেশলৈ লৈ গৈছিল। তেনেকুৱা
এজন নিষ্ঠুৰ মুছলমান সম্রাট ৰ নাম আছিল সুলতান মাহমুদ।
চুলতান মামুদ যিমান নিষ্ঠুৰ আৰু বৰ্বৰ আছিল সিমানে
নিষ্ঠুৰ আছিল তেওঁৰ সৈন্যসকল। এই চুলতানজনৰ নিষ্ঠুৰ
আদেশত তেওঁৰ সেই নিষ্ঠুৰ সৈন্যসকলে আক্রমণ কৰা
ৰাজ্যবােৰৰ প্ৰজাবােৰক এফালৰপৰা হত্যা কৰিছিল আৰু
সিহঁতৰ ঘৰ-দুৱাৰবােৰ জ্বলাই দিছিল আৰু এফালৰপৰা
গৰু, মহবােৰ খেদি লৈ গৈছিল। নিষ্ঠুৰ মামুদৰ এনে
কুকাৰ্যৰ পৰিণতি স্বৰূপ শ-শ গাঁও শ্মশানে পরিণত
হৈছিল, য'ত মাত্র ফেঁচা আৰু শিয়ালবােৰেহে বাস কৰিছিল।
মামুদ আৰু তাৰ নিষ্ঠুৰ সৈন্যসকলৰ এনে আচৰণ মামুদ
এজন মন্ত্রীকে মোটেই ভাল পোৱা নাছিল। মন্ত্রী জন আছিল
অতি বিদ্বান আৰু জ্ঞানী-গুণী। এই মন্ত্রীজনে ভাবিছিল যে
কি উপায়ে চুলতানৰ এনে নিষ্ঠুৰতা বন্ধ কৰা যায়। এনেদৰে
ভাবি ভাবি এদিন সুবিধা আৰু সুযােগ বুজি মন্ত্রীজনে
মামুদক কৈছিল যে তেওঁ চৰাইৰ মাত কথা সকলাে বুজি
পায়। শৈশৱত এ জন মহাপুৰুষৰ আশ্রয় থাকো এই
বিদ্যাটি শিকি লৈছিল। এদিন যেতিয়া চুলতান মামুদ আৰু
জ্ঞানী মন্ত্রী জন চিকাৰলৈ গৈছে, তেতিয়া হঠাৎ এই হাল।
পেঁচা দেখিবলৈ পাই চুলতান মামুদে উক্ত পেঁচা দুটাৰ
কথোপকথন ব্যাখ্যা কৰিবলৈ মন্ত্রী আদেশ কৰিছিল।
মন্ত্ৰীয়ে কিছু সময় পেঁচা দুটাৰ কথাখানি শুনাৰ ভাও
| জুৰিছিল আৰু চুলতানক কৈছিল যে ফেঁচা দুটাৰ কথা |
কোৱাটো উচিত নহ'ব, কাৰণ এয়া নীতিবিৰুদ্ধ। চুলতানে।
তেতিয়া দৃঢ়ভাৱে আদেশ কৰাত গুণী আৰু চতুৰ মন্ত্ৰীজনে
কৈছিল যে ফেঁচা দুটাই বিয়াৰ যৌতুকৰ বিষয়ে আলােচনা
কৰি আছে। আলােচনাত থকা ফেঁচা এটাৰ পুতেকৰ বিয়াত
কইনা পক্ষ এখন ধ্বংস হোৱা গাঁও দাবী কৰিছিল। অন্য
ফেঁচাটোয়ে এই দাবী চুলতান মামুদ থকালৈকে আৰু সেই
| নিষ্ঠুৰতা চলি থকালৈকে অতি সহজ হ’ব বুলি দৃঢ়তাৰে ।
কৈছিল। মন্ত্ৰীৰ কথা নিষ্ঠুৰ সুলতান জ্ঞানচক্ষু উদয়
| হৈছিল আৰু নিজৰ অপকর্ম বুজিবলৈ সক্ষম হৈছিল। ইয়াৰ
পাছত চুলতানে ততালিকে সেই আক্রমণ বন্ধ কৰিবলৈ আৰু
অসহায় মানুহক হত্যা নকৰিবলৈ আদেশ কৰিলে। এজন
জ্ঞানী মন্ত্ৰীৰ শুদ্ধ আবেগ আৰু উপস্থিত বুদ্ধিৰ বাবে বহুত
মানুহৰ জীৱন আৰু ধন-সম্পত্তি এবাৰলৈ ৰক্ষা পৰিল।।
জ্ঞানী মন্ত্ৰী (সংগ্ৰহ :-হাঁহিব নজনা ৰজাৰ সাধু )

*This is a Assamese  story Gyani Mantri I hope you all Like this story. For daily New Assamese stories Please Share with your Friends. Thank-you

Post a Comment

Previous Post Next Post